মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

ইক্যুইটি অনুদান আঁচনিৰ আৰু ক্ৰেডিট নিশ্চিতি পুঁজি আঁচনিৰ বাবে আবেদন

সমতা প্ৰদান আঁচনিৰ আবেদন প্ৰক্ৰিয়া

  • আমাৰ ৱেবছাইটত উপলব্ধ ষ্টেণ্ডাৰ্ড ফৰমেটত আবেদন।
  • কৃষক উত্পাদক গোটপৰিষদ/প্ৰশাসনীয় পৰিষদৰ সংকল্প, যিটো কোম্পানীৰ পৰৱৰ্ত্তী AGMত নিশ্চিত হব।
  • কৃষক উত্পাদক গোটৰ হিচাপ-নিকাচ কৰা হোৱা আৰ্থিক বিৱৰণ
  • বেংকৰ শাখা প্ৰৱন্ধকৰ দ্বাৰা সত্যাসত্য নিৰূপিত, শেহতীয়া ৬ মাহৰ বেংক একাউণ্ট বিৱৰণৰ প্ৰতিলিপি।
  • কৃষক উত্পাদক গোটৰ বাবে ব্যৱসায়, পৰিকল্পনা আৰু পৰৱৰ্ত্তী ১৮ মাহৰ বাবে বাজেট।
  • আঁচনিৰ অধীনত, পৰিষদৰ দ্বাৰা কাৰ্য কৰিবৰ বাবে আৰু সকলো নথি-পত্ৰতে চহী কৰিবৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিসকল/সঞ্চালকসকলৰ নাম, ফটো আৰু পৰিচয়ৰ প্ৰমাণপত্ৰ (ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, নিৰ্বাচনৰ পৰিচয় পত্ৰ, পাচপোৰ্টৰ ভিতৰত যিকোনো এটা)
  • আবেদন পত্ৰখনৰ প্ৰতিটো পৃষ্ঠা আৰু সংগত কৰা নথিপত্ৰসমূহ, কৃষক উত্পাদক গোটৰ অনুমোদিত প্ৰতিনিধি/ন্যূনতম দুগৰাকী পৰিষদৰ সদস্যৰ দ্বাৰা স্বাক্ষৰিত হব।

ঋণ নিশ্চিতিপুঁজিৰ আবেদন প্ৰক্ৰিয়া

ই.এল.আই.খন গেৰাণ্টী আৱৰণৰ বাবে কেৱল তেওঁলোকৰ দ্বাৰা অনুমোদিত ঋণ প্ৰস্তাৱসমূহৰ বাবে নিৰ্দিষ্ট প্ৰপত্ৰত পৰৱৰ্তী তিনি মাহ উকলি যোৱাৰ আগেয়ে যিকোনো ত্ৰিমাসিক কালত ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘলৈ আবেদন কৰাটো প্ৰয়োজন, অৰ্থাত্ আঁচনিখনৰ অধীনত বিবেচিত হবৰ বাবে এপ্ৰিল-জুন তিনিমাহত অনুমোদিত ঋণ সুবিধাৰ আবেদনখন, আসন্ন তিনি মাহ অৰ্থাত জুলাই-ছেপ্টেম্বৰত নিশ্চিতভাৱে দাখিল হব লাগিব।