মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদোগিক মূলধন সহযোগিতা আঁচনি

  • উদোগিক মূলধন সহযোগিতা

    যোগ্য প্ৰতিপন্ন হোৱা প্ৰকল্পসমূহক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে বেংক/ বিত্তীয় প্ৰতিষ্ঠানৰ অনুমোদন সাপেক্ষেক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই উদ্যোগিক মূলধন আগবঢ়ায়।এই উদ্যোগিক মূলধন মূল ঋণ পৰিশোধৰ সময়সূচী বা পূৰ্বৱৰ্তীঅনুযায়ীঋণদাতা বেংক/ বিত্তীয় প্ৰতিষ্ঠানক ঋণ পৰিশোধ কৰাৰ পাছত ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক পৰিশোধ কৰা হয়।

    যোগ্যতা প্ৰতিপন্ন কৰা প্ৰকল্পসমূহ

    • প্ৰকল্পটো কৃষিভিত্তিক বা তেনে খণ্ডৰ সৈতে জড়িত হব লাগিব। হাঁহ-কুকুৰা পালন বা দুগ্ধজাত প্ৰকল্পসমূহ এনে আঁচনিৰ অৰ্ন্তগত।
    • এনে প্ৰকল্পই কৃষক/উত্পাদক গোটক নিশ্চিত বজাৰৰ ব্যৱস্থা কৰি দিব লাগিব।
    • এনে প্ৰকল্প কৃষকক উচ্চ মূল্যৰ বহুমুখী শস্যৰ প্ৰতি উদ্গনি জনাব লাগিব।
    • এনে প্ৰকল্প বেংক/বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্দিষ্ট ম্যাদৰ ঋণৰ অনুমোদনৰ বাবে গ্ৰহণযোগ্য হব লাগিব।

    প্ৰকল্পৰ সম্ভাব্য ব্যয়

    • নিম্নতম ১০ লাখ টকা
    • সৰ্বোচ্চ ৫০০ লাখ টকালৈকে

    যোগ্য প্ৰকল্পৰ বাবেক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে উচ্চ মূল্যৰ উদ্যোগিক মূলধন সহযোগিতানিৰ্বাচন কৰিব পাৰে, যত নিম্নলিখিত চৰ্তসমূহ প্ৰযোজ্যঃ

    • সৰ্বোচ্চ৩ ৩ কোটি টকাৰউদ্যোগিক মূলধন সহযোগিতাঅনুমোদন কতৃপক্ষৰ দ্বাৰা প্ৰদান।
    • প্ৰকল্পৰ মুঠ ব্যয় ১০ কোটি টকাৰ অধিক নহয়।
    • প্ৰকল্পসমূহ উত্তৰ-পূবৰ ৰাজ্য আৰু অন্যান্য পিছপৰা অঞ্চল হিচাপে পিছপৰা অঞ্চলৰ পুঁজি অনুমোদন আঁচনিৰ দ্বাৰ পূৰ্বে চিনাক্ত অঞ্চলত অৱস্থিত।

    হিতাধিকাৰীয়ে ম্যাদযুক্ত ঋণৰ সম্পূৰ্ণ পৰিশোধৰ পিছত ভেঞ্চাৰ কেপিটেলৰ এক গোট অংশক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক প্ৰদান কৰিব।

    যোগ্য বিত্তীয় প্ৰতিষ্ঠানসমূহ

    ৰাষ্ট্ৰীয় বেংকসমূহ যেনে এচ বি আই আৰু ইয়াৰ সংলগ্ন বেংক  আই ডি বি আই, এছ আই ডি বি আই, নাৰ্বাড, এন চি ডি চি, নেডফি আৰ আৰ বি আৰু ৰাজ্যিক বিত্তীয় নিগম যিবিলাকত কেন্দ্ৰীয়/ৰাজ্যিক মালিকীস্বত্ব ৫০ শতাংশতকৈ বেছি, তেনে সকলো বেংক/বিত্তীয় প্ৰতিষ্ঠান।

    ৰূপায়ণ পৰ্যায়

    ২০১২-১৭ চনৰ দ্বাদশ পৰিকল্পনাত ৫০০ কোটি টকাৰ কেন্দ্ৰীয় সামৰ্থৰ সহায়ত এই আঁচনিৰ ৰূপায়ণ কৰা হব।

    ৰূপায়ণকাৰী সংস্থা

    এই আঁচনি কৃষি আৰু সমবায় বিভাগ, কৃষি মন্ত্ৰণালয়ৰ অধীনত কাৰ্যকৰী পঞ্জীভূত সংঘ ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘ(SFAC)দ্বাৰা ৰূপায়িত কৰা হয়।

    মধ্যস্থতা স্থাপন

    এই বুজাবুজি স্মাৰকত যদি কোনো বিতৰ্কৰ সুত্ৰপাত হয় তেন্তে পাৰস্পৰিক বুজাপৰাৰ জৰিয়তে ইয়াৰ সমাধা কৰা হব। কিন্তু তেনে কৰাত অসমৰ্থ হলে কোনো নিৰ্দিষ্ট মধ্যস্থতাকাৰীয়ে, যাক মধ্যস্থতা আৰু পৰামৰ্শ আইন ১৯৯৬ৰ মতে বেংক/বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে নিৰ্বাচন কৰে, সমাধা কৰিব।