মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

ক্ৰেডিট নিশ্চিতি পুঁজি আঁচনি

  • ৰূপায়ণৰ পৰ্যায়

    ঋণ নিশ্চিত পুঁজিবিত্তীয় বৰ্ষ ২০১৩-১৪ বা আগলৈ ৰূপায়ণ কৰা হব।

    ৰূপায়ণ সংস্থা

    ঋণ নিশ্চিত পুঁজিসমূহ ঋণ প্ৰদান প্ৰতিষ্ঠানৰ জৰিয়তে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ দ্বাৰা পৰিচালনা কৰা হয়।

    যোগ্য ঋণ প্ৰতিষ্ঠান

    ভাৰতীয় ৰিৰ্জাভ বেংক আইন, ১৯৩৪ ৰ দ্বিতীয় অধ্যায়ত উল্লিখিত বাণিজ্যিক বেংকসমূহ, আঞ্চলিক গ্ৰাম্য বেংক, এন.ডি.চি, নাবাৰ্ড, নেডফি আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ যি ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘ বা ভাৰত চৰকাৰৰ দ্বাৰা সময়ে সময়ে নিৰ্দেশিত হৈ আহিছে।

    ক্ৰেডিট নিশ্চিত পুঁজি ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ অন্তৰ্গত ক্ৰেডিট সুবিধাসমূহ অন্তৰ্ভূক্ত হব

    • কোনো বন্ধক নোহোৱাকৈ গেৰাণ্টি কভাৰৰ বাবে বা একাধিক ঋণ প্ৰদান প্ৰতিষ্ঠানৰ দ্বাৰা আবেদিত ঋণ যি আবেদনৰ ছমাহৰ ভিতৰত অনুমোদিত কৰা হয়।
    • যোগ্য ঋণ প্ৰতিষ্ঠানেকোনোসীমানোহাৱাকৈঋণআগবঢ়াবপাৰে, কিন্ততত্স্বত্তেওএইআঁচনিৰঅধীনত উল্লিখিত সৰ্বোচ্চ গেৰাণ্টি কভাৰ পৰ্যন্তহে লাভ কৰিব পাৰিব। এই প্ৰক্ৰিয়াত কোনোধৰণৰ বন্ধক নোলোৱাকৈ ঋণৰ সুবিধা প্ৰদান কৰা হয়।

    যোগ্যহীনতা

    নিম্নলিখিত ক্ৰেডিট সুবিধাসমূহ কোনোধৰণৰ আঁচনিৰ অধীনত যোগ্য বিবেচিত কৰা নহয়ঃ

    • যিকোনো ক্ৰেডিট সুবিধা যি যোগ্য ঋণ প্ৰতিষ্ঠানৰ দ্বাৰা বন্ধকৰ বিপৰীতে বা তৃতীয় পক্ষৰ গেৰাণ্টিত অনুমোদন কৰা হয়।
    • ভাৰতীয় ৰিৰ্জাভ বেংক/চৰকাৰী বা অন্যান্য সাধাৰণ বীমাকাৰক বা ব্যক্তিৰ গোটৰ দ্বাৰা পৰিচালিত কোনো ক্ৰেডিট সুবিধা যত ৰিস্ক আদি উপৰঞ্চিভাবে অন্তৰ্ভুক্ত কৰা হৈছে।
    • যিকোনো ক্ৰেডিট সুবিধা যিকোনো আইন বা কেন্দ্ৰীয় চৰকাৰ বা ভাৰতীয় ৰিৰ্জাভ বেংকৰ নিদেৰ্শাৱলী অমান্য কৰিছে।
    • যিকোনো ধাৰকক প্ৰদান কৰা ক্ৰেডিট সুবিধা যিয়ে নিজস্বভাৱে এই আঁচনিৰ অন্তৰ্গত অন্য ক্ৰেডিট সুবিধা লাভ কৰিছে।
    • যিকোনো ক্ৰেডিট সুবিধা যাৰ পৰিশোধৰ সময়সীমা উকলি গৈছে।
    • যিকোনো ক্ৰেডিট সুবিধা যি পৰিশোধৰ ম্যাদ উকলি যোৱাৰ বাবে পুনৰ নিৰ্ধাৰিত কৰা হৈছে।

    ক্ৰেডিট গেৰাণ্টি অন্তৰ্ভুক্তি

    • যোগ্য ঋণ প্ৰতিষ্ঠানে একক কৃষক উত্পাদক উদ্যোগ ধাৰকৰ হৈ পাঁচবছৰৰ ম্যাদৰ ভিতৰত সৰ্বোচ্চ দুবাৰৰ বাবে ঋণৰ প্ৰদানৰ বাবে গেৰাণ্টি কভাৰ গ্ৰহণ কৰিব পাৰিব।
    • উপযুক্ত অনুমোদিত ঋণ সুবিধাৰ সৰ্বোচ্চ ৮৫শতাংশ বা ৮৫ লাখ টকা, যিটোৱেই কম তাকে গেৰাণ্টি কভাৰ হিচাপে প্ৰদান কৰা হব।
    • পৰিশোধ কৰিবলৈ অসমৰ্থ হলে, গেৰাণ্টি কভাৰৰ ৮৫শতাংশ সৰ্বোচ্চ হিচাপে ধাৰ্য কৰা হব।
    • অন্যান্য ব্যয়সমূহ যেনে পেনেল ইণ্টাৰেষ্ট, কমিটমেণ্ট চাৰ্জ, চাৰ্ভিচ চাৰ্জ বা আন ব্যয়সমূহ যিবোৰযোগ্য ঋণ প্ৰতিষ্ঠানেকৃষক উত্পাদক উদ্যোগৰ একাউণ্টৰ পৰা খৰচ কৰা হৈছে, তেনে ব্যয়সমূহ গেৰাণ্টি কভাৰৰ বাবে যোগ্য বুল গণ্য কৰা নহয়।
    • গেৰাণ্টি কাভাৰ তেতিয়াহে অনুমোদন কৰা হয় যেতিয়াযোগ্য ঋণ প্ৰতিষ্ঠানেক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ সৈতে চুক্তিবদ্ধ হব আৰু ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই ধাৰ্য কৰা চৰ্ত অনুযায়ী সময়ে সময়ে প্ৰদান কৰা হব।

    অনুমোদন

    ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে

    • এই আঁচনিৰ অধীনত আঁচনিৰ চৰ্ত অনুযায়ী প্ৰস্তাৱটো ভালদৰে পৰ্যবেক্ষণ কৰিহে সংশ্লিষ্ট যোগ্য ঋণ প্ৰতিষ্ঠানকগেৰাণ্টি কভাৰাৰ বাবে অনুমোদন জনাব।
    • যিমানদূৰ প্ৰয়োজন, এই আঁচনিৰ স্বাৰ্থত ঋণ প্ৰদান প্ৰতিষ্ঠানৰ বা বাৰকৰ সকলো সংশ্লিষ্ট নথি-পত্ৰ আৰু দেনা-পাওনাৰ হিচাপ পুংখানুপুংখভাবে নিৰীক্ষণ কৰিব।
    • তেনে ধৰণৰ নিৰীক্ষণসমূহ হয়তোবাক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ বিষয়া অথবাক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ দ্বাৰা নিৰীক্ষণৰ বাবে নিয়োজিত অন্য সংস্থাৰ দ্বাৰা সম্পন্ন কৰা হব।
    • উপৰোক্ত নিৰীক্ষণ অন্তত ইনভেষ্টমেণ্ট এণ্ড ক্লেইমছ ছেটলমেণ্ট কমিটি/(I&CSC) য়ে সংশ্লিষ্ট বেংকৰ গেৰাণ্টি কাভাৰৰ বাবে মঞ্জুৰি প্ৰদান কৰিব।
    • যোগ্য ঋণ প্ৰতিষ্ঠানেবেংকশাখাপ্ৰবন্ধকৰপৰ্যায়তক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ সৈতে চুক্তিবদ্ধ হব লাগিব।