মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

ইকুইটি অনুদান পুঁজি

  • ইকুইটি অনুদান পুঁজিয়ে কৃষক উত্পাদক উদ্যোগ(FPC) সমূহক তেওঁলোকৰ শ্বেয়াৰ হোল্ডাৰ সদস্যসকলৰ ইকুইটি অৱদানৰ সমান পৰিমাণঅনুদান লাভ কৰাত সহায় কৰিব। এই আঁচনিৰ দ্বাৰা তেনে নতুন আৰু বৰ্দ্ধনশীল কৃষক উত্পাদক উদ্যোগক সহায় আগবঢ়োৱা হব যি আবেদন কৰা দিন পৰ্যন্ত ৩লাখ টকাতকৈ বেছি পুঁজি পৰিশোধ নাই কৰা।

    নিম্নলিখিত ধৰণে যোগ্যকৃষক উত্পাদক উদ্যোগক  ইকুইটিঅনুদান প্ৰদান কৰা হব

    • প্ৰতি কৃষক উত্পাদক উদ্যোগতেওঁলোকৰ শ্বেয়াৰ হোল্ডাৰ সদস্যৰ ইকুইটিৰ পৰিমাণৰ সমান, সৰ্বোচ্চ ১০লাখ টকা ইকুইটি অনুদান প্ৰদান কৰা হব।
    • ইকুইটিঅনুদানকৃষক উত্পাদক উদ্যোগৰ বেংক একাউণ্ট প্ৰত্যক্ষভাৱে ট্ৰান্সফাৰ কৰা হব।
    • কৃষক উত্পাদক উদ্যোগয়ে ৪৫ দিনৰ ভিতৰত ইয়াৰ শ্বেয়াৰ হোল্ডাৰক অতিৰিক্ত শ্বেয়াৰসমূহ বিতৰণ কৰি দিব লাগিব যি অনুদান পৰিমাণৰ সমান হব লাগিব। প্ৰতিটো বিভাগৰ শ্বেয়াৰ হোল্ডাৰৰ বাবে দিবলগীয়া সৰ্বোচ্চ অনুদান হব এনে ধৰণৰঃ
      • ব্যক্তিগত শ্বেয়াৰ হোল্ডাৰ– ১,০০০টকা
      • ব্যক্তিগত শ্বেয়াৰ হোল্ডাৰৰ গোট (যেনেঃ আত্মসহায়ক গোট, কৃষক গোট ইত্যাদি)-সদস্যৰ সংখ্যাৰ সৈতে ১০০০টকা পূৰণ, প্ৰতি গোটক সৰ্বোচ্চ ২০,০০০ টকাকৈ।
      • প্ৰতিষ্ঠানিক শ্বেয়াৰ হোল্ডাৰ (কৃষক উত্পাদক উদ্যোগ) – ১,০০,০০০টকা।

    ৰূপায়ণ পয্যায়

    এই আঁচনি ২০১৩-১৪ বিত্তীয় বৰ্ষ বা আগলৈ ৰূপায়ণ কৰা হব।

    ৰূপায়ণ সংস্থা

    ইকুইটি অনুদান পুঁজিসমূহকক্ষুদ্ৰ কৃষক কৃষি-ব্যৱসায় সংঘৰদ্বাৰাপৰিচালিতকৰাহব।

    অনুমোদন

    • চাৰিজন সদস্যৰে গঠিত ইকুইটি অনুদান অনুমোদন সমিতি(EGSC)- ক্ষুদ্ৰ কৃষক কৃষি-ব্যৱসায় সংঘৰ সঞ্চালত প্ৰধানজন সভাপতি হিচাপে, পৰিচালনা সঞ্চালকৰদ্বাৰানিৰ্বাচিত সংগঠন দুজন বিষয়া আৰু এজন বাহ্যিক খণ্ডৰ বিশেষজ্ঞ যাকক্ষুদ্ৰ কৃষক কৃষি-ব্যৱসায় সংঘৰপৰিচালনা সঞ্চালকে নিৰ্বাচিত কৰিব, এই আঁচনিনৰ অধীনত লাভ কৰা আবেদনসমূহ নিৰীক্ষণ কৰিব।ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰপৰিচালনা সঞ্চালকৰ সভাপতিত্ব হোৱা সভাতইকুইটি অনুদান অনুমোদন সমিতিয়েআবেদনসমূহৰ ওপৰত যিকোনো বিবেচনা বা সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্পূৰ্ণ কতৃত্ব লাভ কৰিব আৰু তেওঁলোকৰ সিদ্ধান্তই অন্তিম বিবেচিত হব।
    • ইকুইটি অনুদান অনুমোদন সমিতিৰ দ্বাৰা ইকুইটি গ্ৰাণ্টৰ অনুমোদন কৃষক উত্পাদক উদ্যোগক অনুমোদনৰ ৭ দিনৰ ভিতৰত অনুমোদন পত্ৰৰ দ্বাৰা জনোৱা হব। অনুমোদন পত্ৰৰ সৈতে প্ৰসংগত নিম্নলিখিত চৰ্তসমূহো প্ৰেৰণ কৰা হব।
      • অনুমোদিত ইকুইটিঅনুদান লাভ কৰাৰ ৪৫ দিনৰ ভিতৰত কৃষক উত্পাদক উদ্যোগয়েঅতিৰিক্তশ্বেয়াৰসমূহ ইয়াৰ শ্বেয়াৰ হোল্ডাৰ সদস্যসকলৰ আঁচনিত উল্লেখ কৰাৰ ধৰণে বিতৰণ কৰিব লাগিব।
      • কৃষক উত্পাদক উদ্যোগয়েক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক অতিৰিক্ত শ্বেয়াৰ বিতৰণ তথ্য যোগান ধৰিব লাগিব।
      • কৃষক উত্পাদক উদ্যোগৰ সৈতে চুক্তিবদ্ধ হোৱাৰ ম্যাদৰ যিকোনো সময়ত ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়েশ্বেয়াৰ লাভ কৰা লোকৰ একাউণ্টসমূহ পৰীক্ষণ কৰিব পাৰিব। শ্বেয়াৰ লাভ কৰোঁতা ব্যক্তিয়ে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে বিচৰা সকলো তথ্য বা বৰ্ণনা প্ৰদান কৰিবলৈ ৰাজী হব লাগিব।
      • উপৰোক্ত দায়বদ্ধতাৰ ভিত্তিত, কৃষক উত্পাদক উদ্যোগয়ে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰলগত ইকুইটি গ্ৰাণ্ট লাভ কৰাৰ আগে চুক্তিবদ্ধ হব লাগিব।
      • চুক্তিৰ চৰ্তসমূহ পালন কৰাতকৃষক উত্পাদক উদ্যোগৰ তৰফৰ পৰা কোনো ধৰণৰ হীনদেঢ়িৰ ক্ষেত্ৰতক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে ইকুইটি গ্ৰাণ্ট ঘূৰাই লব পাৰিব, যাৰ ফলত কৃষক উত্পাদক উদ্যোগ চৰ্তসমূহ পালন কৰিবলৈ বাধ্য।

    অনুদান আদায়

    অনুমোদনৰ চৰ্তসমূহ গ্ৰহণ কৰাৰ পিছত, কৃষক উত্পাদক উদ্যোগক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ সৈতে এক চুক্তিত মিলিত হব। ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে পৰৰ্বতী পৰ্যায়ত অনুমোদিত পুঁজি কৃষক উত্পাদক উদ্যোগ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব।
    কৃষক উত্পাদক উদ্যোগয়ে নিম্নলিখিত নথিসমূহ ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ ওচৰত দাখিল কৰিব লাগিব।

    • চাৰ্টাড একাউণ্টৰ দ্বাৰা পৰীক্ষণ আৰু প্ৰমাণিত সংশ্লিষ্ট ফলিঅ নম্বৰৰ সৈতে এই আঁচনিৰ অধীনত শ্বেয়াৰ হোল্ডাৰসকলক বিতৰণ কৰা অতিৰিক্ত শ্বেয়াৰৰ তালিকা অনুদান লাভ কৰা ৪৫ দিনৰ ভিতৰত জমা কৰিব লাগিব।
    • যদি শ্বেয়াৰ বিতৰণ বা ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক ইয়াৰ তালিকা ৪৫ দিনৰ ভিতৰত প্ৰদান কৰা আদি যিকোনো চৰ্ত পূৰণ কৰাত যদি কৃষক উত্পাদক উদ্যোগ অপৰাগ হয় তেতিয়া ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ দ্বাৰা অনুমোদিত ইকুইটি গ্ৰাণ্ট নাকট কৰা হব।

    মধ্যস্থতা স্থাপন

    ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ দ্বাৰা প্ৰকাশিত চৰ্তসমূহ বা নিয়মাৱলীৰ কোনো ধৰণৰ অমান্যতা যেনে ইকুইটি গ্ৰাণ্টৰ অযথা ব্যৱহাৰৰ ক্ষেত্ৰত ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ হাতত সম্পূৰ্ণ ইকুইটি গ্ৰাণ্ট ঘূৰাই বিচাৰৰ কতৃত্ব থাকিব।
    ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘ আৰু কৃষক উত্পাদক উদ্যোগৰ মাজৰ চুক্তি ভাৰতীয় আইন অনুসৰি গঠন কৰা হৈছে। সেই গতিকে এই চুক্তিক লৈ কোনো ধৰণৰ বিতৰ্ক বা অমান্যতাৰ সৃষ্টি হলে আইনী ব্যৱস্থা অথবা দিল্লীত মধ্যস্থতাৰ দ্বাৰা সমাধা কৰা হব। তদুপৰি কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে দুয়োটা পক্ষই পাৰস্পৰিক বুজাবুজিৰে এক মিলিত সিদ্ধান্তত উপনীত হোৱাৰ বাবে যাৱতীয় চেষ্টা কৰিব লাগিব।