মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উত্তৰ পূব ক্ষেত্ৰৰ বাবে জৈৱ উপকাৰিতাৰ ধাৰা বিকাশৰ

  • অভিযান

    এই মিছন উত্পাদকসকলক ক্ৰেতাৰ সৈতে ভেল্যু চেইন ৰূপত সংযুক্ত কৰিবৰ বাবে এক প্ৰমাণিক  জৈৱ প্ৰক্ৰিয়াৰ গঠনৰ লক্ষ্যেৰে আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত উত্তৰ-পূব ক্ষেত্ৰৰ ৩০০০০-৫০০০০ কৃষকক প্ৰায় ১০০০ কৃষক-উত্পাদক উদ্যোগৰ গঠনেৰে সহায় সহযোগিতা আগবঢ়োৱা হব।

    কাৰ্য সম্পাদনৰ এলেকা

    (১) অসম (২) অৰুণাচলপ্ৰদেশ (৩) মণিপুৰ (৪) মেঘালয় (৫) মিজোৰাম (৬) নাগালেণ্ড (৭) ত্ৰিপুৰা আৰু (৮) ছিকিম

    অভিযান কৌশল

    • সামগ্ৰীৰ গোটসমূহ সৰবৰাহ কৰা আৰু ক্ষমতা বৃদ্ধি, পথ প্ৰদৰ্শন আৰু অৱগাঠনিক সুবিধা প্ৰদান কৰি কৃষকসকলক কৃষি উত্পাদন সামগ্ৰী পেকিং প্ৰশিক্ষণ আৰু অন্যান্য চৰকাৰী সেৱাৰ যোগান ধৰা।
    • উদ্যোগসমূহ (স্থানীয় উদ্যোগ/কৃষক-উত্পাদক উদ্যোগৰ গঠন আৰু সংযোগ ঘটোৱা যাৰ দ্বাৰা কৃষি উত্পাদকৰ সংগ্ৰহ আৰু একত্ৰীকৰণ কৰি উত্পাদকসকলক যাৱতীয় সুবিধা প্ৰদান কৰা আৰু তেওঁলোকৰ বজাৰ বৃদ্ধি কৰাত সহায় কৰা।
    • ভেল্যু চেইন চাপটিং এজেন্সি, সেৱা প্ৰদান কৰোঁতা আৰু ব্যৱসায় বৃদ্ধি পৰামৰ্শদাতাৰ সহায়ত কেন্দ্ৰ আৰু ৰাজ্যসমূহত নেতৃত্ববহনকাৰী সংস্থাৰ স্থাপন কৰা। উদ্যোক্তাসকলক যথাযোগ্য সেৱা, সঞ্চালনা ক্ষমতা আৰু বজাৰ বিকাশত সহায় কৰি তেওঁলোকক তথ্য আৰু বিত্তীয় সহযোগিতা যোগান ধৰা।

    অভিযানৰ লক্ষ্যসমূহ

    • কেন্দ্ৰ আৰু প্ৰতিখন ৰাজ্যৰ অধীনত জৈৱ কৃষি বিকাশ আৰু প্ৰসাৰৰ বাবে নিৰ্দিষ্ট প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন।
    • প্ৰতিখন ৰাজ্যতে উত্পাদক, ব্যৱস্থাপক, জাৰিকাৰক আৰু বজাৰ সহায়ক সংস্থাৰ যুটীয়া সহযোগত অন্ততঃ এটা বা দুটা জৈৱ উপকাৰিতাৰ ধাৰা আৰ্হিৰ নিৰ্মাণ কৰা।
    • প্ৰায় ১০০ কৃষক উত্পাদক উদ্যোগৰ সৃষ্টিৰ দ্বাৰা ৩০-৫০ হাজাৰ উত্তৰ- পূব ক্ষেত্ৰৰ কৃষকক ক্ষমতাশালী কৰি তোলা আৰু তেনে উদ্যোগসমূহক সম্পূৰ্ণ উপকাৰিতা ধাৰাৰ দ্বাৰা সমৃদ্ধ কৰি তোলা।
    • কৃষিক জীৱিকা নিৰ্বাহৰ সাধন হিচাপে গণ্য কৰাতকৈ বাণিজ্যিক জৈৱিক কৃষিৰ প্ৰতি ধাৱমান হোৱা।
    • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত উত্তৰ-পূবৰ ৰাজ্যসমূহক জৈৱিক সামগ্ৰীৰ বৃহত্তৰ যোগানকাৰীৰূপে প্ৰতিপন্ন কৰা।
    • উচ্চ উত্পাদন ক্ষমতা আৰু অধিক লাভৰ বাবে উত্পাদন ব্যৱস্থাৰ উন্নীতকৰণ।
    • ৰাজ্যসমূহক তেওঁলোকৰ নিজস্ব ব্যৱসায়িক চিহ্ন তথা পৰিচিতি গঠন কৰাত উদগনি জগোৱা।

    পুঁজি অনুমোদন আৰু প্ৰদান পদ্ধতি

    ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যনিৰ্বাহক সমিতিৰ দ্বাৰা অনুমোদিত সামগ্ৰী বিশেষৰ বিস্তৃত প্ৰকল্প প্ৰস্তাৱসমূহ মিছনৰ মুখ্য কাৰ্য্যালয়ত দাখিল কৰা হব। যাৱতীয় পৰ্য্যবেক্ষণ আৰু নিৰীক্ষণৰ পিছত এই প্ৰস্তাৱ মিছনৰ কাৰ্য্যনিৰ্বাহক সমিতিৰ মঞ্জুৰীৰ বাবে উপস্থাপন কৰা হয়।
    মঞ্জুৰী লাভৰ পিছত বৰ্ষভিত্তিক পুঁজিসমূহ কিস্তিত প্ৰদান কৰা হয়। এই পুঁজিসমূহ ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যনিৰ্বাহক সমিতিৰ অনুমতি অনুযায়ী ৰাজ্যিক পৰিচালনা সংস্থাক প্ৰদান কৰা হয়।