মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদ্দেশ্য আৰু কাৰ্যাৱলীসমূহ

উদ্দেশ্য

  • উত্পাদকৰ অধিকাৰ থকা আৰু নিয়ন্ত্ৰিত সংস্থাসমূহক উন্নীত কৰা, বিত্তীয় সাহায্য দিয়া আৰু সমৰ্থন কৰা।
  • কৃষকসকলৰ কৃষি উপাৰ্জন সৰ্বাধিক কৰিবলৈ পৰম্পৰাগত কৃষি পদ্ধতিক ব্যৱসায়িক আৰু প্ৰযুক্তিবিদ্যা ভিত্তিক বহনক্ষম উদ্যোগলৈ পৰিৱৰ্তন কৰিবলৈ সুবিধা দিয়া।
  • অংশীদাৰী ব্যৱসায় আৰ্হিৰ অধীনত বজাৰ আৰু মূল্য সংযোজন, জ্ঞান আৰু প্ৰযুক্তিবিদ্যা, ঋণ, যোগান আদিৰ দৰে সেৱাসমূহ আগবঢ়াই কৃষি ব্যৱসায়ৰ উন্নীতকৰণ, সমন্বয় সাধন আৰু বহন ক্ষমতাৰ ব্যৱস্থা কৰা।
  • ৰাজ্যখনত কৃষকসকলৰ, সমাজিক, কৰ্পোৰেট আৰু পৰিবেশগত কল্যাণৰ বাবে কৃষি ব্যৱসায়ৰ সুবিধা কৰি দিয়া।
  • কৃষিগত আৰু কৃষি বিচ্ছিন্ন নিয়োগৰ সৃষ্টিৰ সুবিধা কৰি দিয়া।

কাৰ্যাৱলীসমূহ

  • পৰিবেশগত বহনক্ষমতা, অৰ্থনৈতিক সক্ষমতা আৰু সামাজিক সমতাৰ নীতিৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন প্ৰান্তত কৃষি ঔদ্যোগিক বৃদ্ধিত অনুঘটকৰ কাম কৰা।
  • খাদ্যৰ উত্পাদন বৃদ্ধি কৰিবলৈ কৃষি আৰু অন্যান্য খাদ্যভিত্তিক উদ্যোগসমূহৰ বৃদ্ধি আৰু বিভিন্নতা, নিয়োগ সৃষ্টিৰ বাবে আঁচনি গ্ৰহণত সহায় কৰা আৰু উদ্যানবিদ্যা, পশুপালন, মীনপালন, হাঁহ-কুকুৰা পালন আৰু খাদ্যৰ সৈতে সম্পৰ্কিত অন্য ক্ষেত্ৰসমূহকে ধৰি প্ৰাথমিক আৰু প্ৰক্ৰিয়াজাত খাদ্যসামগ্ৰী দুয়োটা ক্ষেত্ৰতেই খাদ্য উত্পাদন আৰু ৰপ্তানি বৃদ্ধি কৰা।
  • বেচৰকাৰী সংস্থা, খেতিয়কসকলৰ সংস্থা আৰু পথাৰ পৰিচালনা সমিতিসমূহক জড়িত কৰি প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণৰ জৰিয়তে প্ৰযুক্তিবিদ্যা স্থানান্তৰৰ ব্যৱস্থা কৰা।
  • নিৰ্দিষ্ট আৰু প্ৰাসহ্গিক গৱেষণা প্ৰকল্প আৰু প্ৰযুক্তিবিদ্যাৰ বাহ্যিক প্ৰকল্পৰ পৃষ্ঠপোষকতা কৰা।
  • ৰাজহুৱা, ব্যক্তিগত আৰু সমবায় খণ্ডৰ জৰিয়তে নিৱেশ, বস্তুৰ যোগান আৰু উত্পাদন সেৱাৰ ব্যৱস্থা কৰা।
  • ৰাজহুৱা, ব্যক্তিগত আৰু সমবায় খণ্ডত ফচল সংগ্ৰহৰ পাছৰ প্ৰক্ৰিয়াকৰণ/ উত্পাদন গোটসমূহ চিনাক্ত কৰা আৰু উন্নীত কৰা।
  • ঘৰুৱা আৰু ৰপ্তানি বজাৰ, দুয়োটাৰে বাবে বজাৰ শৃংকল সংস্থা উন্নীত কৰা।
  • উন্নয়ন প্ৰক্ৰিয়াৰ অংশ হিচাপে স্থাপন হৈ থকা বিভিন্ন গোটৰ কাম-কাজসমূহ পৰিচালনা কৰিবৰ বাবে কৌশলী পৰিচালকৰ কাঠামো সজা।
  • বৰষুণ নিৰ্ভৰ আৰু খৰাং প্ৰৱণ আৰু প্ৰান্তীয় ভূমিসমূহৰ উন্নয়নৰ বাবে প্ৰযুক্তিবিদ্যা আৰু বজাৰ সমৰ্থন আগবঢ়োৱা।
  • জৈৱ-সাৰ আৰু জৈৱ-কীটনাক উত্পাদনৰ দৰে জীৱতাত্বিক ছফ্টৱেৰ উদ্যোগসমূহৰ জৰিয়তে গাঁওসমূহত কৌশলগত নিয়োগৰ বাবে সুবিধা সৃষ্টি কৰা আৰু জৈৱ শক্তি শোধনাগাৰ স্থাপন কৰা আৰু খাদ্য সুৰক্ষাৰ বাবে খাদ্য আৰু কৃষি সামগ্ৰীসমূহত স্বাধীন বিশ্ব বাণিজ্যৰ প্ৰসঙ্গত উত্পাদকসকলৰ ক্ৰমবৰ্দ্ধমান উপাৰ্জনৰ বাবে জৈৱ শক্তি সম্পৰ্কীয় ব্যৱসায় আৰু কৃষিৰ উন্নতি কৰা।
  • কৃষি খণ্ডত বিকেন্দ্ৰীকৰণ/ উন্নয়ন প্ৰক্ৰিয়াৰ সাধনী হিচাপে কৃষি সম্প্ৰদায়ৰ উত্পাদকৰ সমিতি, পথাৰ পৰিচালনা সমিতি আৰু বীজ গাঁৱকে ধৰি স্থানীয় প্ৰতিষ্ঠানসমূহ পুনৰুজ্জ্বীৱিত কৰা আৰু সবল কৰা।
  • সমাজৰ লক্ষ্যসমূহ প্ৰাপ্তিৰ সৈতে সম্পৰ্কিত কাম-কাজসমূহ সম্পাদন কৰাৰ বাবে প্ৰাথমিক উত্পাদকসকলক উপযুক্ত গোটত সংগঠিত/গতি বৃদ্ধি কৰা।
  • চৰকাৰী আঁচনিসমূহৰ বাণিজ্যৰ চৰ্তসমূহ সংশোধন কৰি, সেইসমূহক কৃষি অনুকূল কৰি তুলিবলৈ চৰকাৰৰ ওপৰত প্ৰভাৱ পেলোৱা আৰু এইদৰে সম্পদৰ প্ৰৱাহ বৃদ্ধি কৰা আৰু কৃষিখণ্ডত মূলধন সৃষ্টিৰ হাৰ বৃদ্ধি কৰা।
  • পশ্চাদৱৰ্ত্তী আৰু অগ্ৰৱৰ্ত্তী সংযোগেৰে সংহত উত্পাদক সংস্থাসমূহৰ স্থাপনৰ পথ সজা আৰু পশ্চাদমুখী আৰু অগ্ৰৱৰ্ত্তী সংযোগেৰে পথাৰ পৰিচালনা সমিতি সংগঠন কৰা।
  • পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ কথোপকথনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান উন্নীত কৰা আৰু সাহায্য কৰা।
  • সমাজৰ লক্ষ্যসমূহৰ উন্নতিবিধানত, বিভিন্ন ৰাজহুৱা পত্ৰ, সাময়িক পত্ৰিকা প্ৰকৰণ গ্ৰন্থ আৰু কিতাপ প্ৰস্তুত কৰা আৰু মুদ্ৰণ।
  • ক্ষুদ্ৰ কৃষি ভিত্তিক গ্ৰামীণ উদ্যোগ স্থাপনত কৃষক/খেতিয়কৰ সংস্থাসমূহক সহায় কৰা।