মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

প্ৰকল্প উন্নয়নৰ সুবিধা

প্ৰকল্প উন্নয়নৰ সুবিধা কি?

ই হৈছে এনে এক সুবিধা যাক বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা ভাৰত চৰকাৰে অনুদান প্ৰদান কৰে যাতে ইয়াৰ দ্বাৰা নিৰ্ভৰযোগ্য বিস্তাৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাত প্ৰয়োজনীয় আৰ্থিক সহায় আগবঢ়াব পাৰি। ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই কৃষক, উত্পাদক গোট, কৃষি উদ্যোগী কৃষি ৰপ্তানী অঞ্চলৰ সংস্থা আৰু কৃষি বিজ্ঞানত ডিগ্ৰীধাৰী গ্ৰেজুৱেটক নিৰ্ভৰযোগ্য বিস্তাৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাত সহায় হ’ব পৰাকৈ নিৰ্বাচিত পৰামৰ্শকাৰী/ প্ৰতিষ্ঠানৰ দ্বাৰা আৰ্থিক সহায় আগবঢ়াব। কৃষি উদ্যোগীজনৰ আৰ্থিক অৱস্থা, আয়তন, স্থান, কায্যকলাপ আৰু ব্যাপ্তিৰ ওপৰত নিৰ্ভৰ কৰি ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই বিস্তাৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবৰ বাবে বিত্তীয় সহায় আগবঢ়াব।

বিস্তাৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতকৰণত আৰ্থিক সহায় লাভ কৰিবলৈ ইচ্ছুক হিতাধিকাৰীয়ে প্ৰস্তাৱিত প্ৰকল্পৰ বাবে বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰামৰ্শ পত্ৰ অথবা ক্ষুদ্ৰ খেতিয়ক কৃষি ব্যৱসায় সংঘৰ দ্বাৰা ৰাজ্যিক বা কেন্দ্ৰীয় স্তৰত প্ৰদান কৰা বিৱৰণ জিলাখনৰ নিৰ্দিষ্ট পৰামৰ্শদাতাৰ ওচৰত দাখিল কৰিব পাৰিব। আমাৰ প্ৰকল্প উন্নয়ন সুবিধাৰ অধীনত নিৰ্দিষ্টকৈ বাচনি কৰা পৰামৰ্শদাতাৰ জৰিয়তে বা ৰাজ্যিক বা কেন্দ্ৰীয় পয্যায়ৰ ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ জৰিয়তে নিৰ্ভৰযোগ্য বিস্তাৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰণৰ বাবে দিয়া অনুদান ২৫,০০০টকাৰ পৰা ১লাখ টকা পয্যন্ত হ’ব পাৰে।

এনেদৰেমনস্থ কৰা প্ৰকল্পৰ সম্ভাব্যতা দেখি সন্তুষ্ট হ’লে বেংক/বিত্তীয় প্ৰতিষ্ঠানে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক বিস্তৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতকৰণৰ বাবে যাবতীয় বিত্তীয় অনুদান দিবৰ বাবে পৰামৰ্শ দিয়ে। এনেদৰে মনস্থ কৰা একোটাকৈ প্ৰকল্পৰ বাজেট ১৫লাখ টকা (পৰিকল্পনা আয়োগৰ দ্বাৰা চিহ্নিত পিছপৰা ৰাজ্যৰ জিলা, উত্তৰ-পূবৰ ৰাজ্য আৰু অন্যান্য পাহাৰীয়া ৰাজ্য যেনে হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড আদিৰ ক্ষেত্ৰত ১০ লাখ টকা) তকৈ বেছি হ’ব লাগিব।

প্ৰকল্পৰ ক্ৰিয়া-কলাপ আৰু স্থানৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই বিস্তৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব পেনেলৰ যিকোনো এজন পৰামৰ্শদাতাৰ ওপৰত ন্যস্ত কৰিব পাৰিব।

ক্ষুদ্ৰ খেতিয়ক ব্যৱসায় সংঘই বিস্তৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ সম্পূৰ্ণ খৰচ নিদিষ্ট পৰামৰ্শদাতাজনক প্ৰদান কৰিব। নিৰ্দিষ্ট পৰামৰ্শদাতাজনক প্ৰদান কৰিবলগীয়া ফীজ তিনিটা স্তৰত দিয়া হ’ব-প্ৰথম স্তৰত নিৰ্ভৰযোগ্য বিস্তৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা বাবে২০ শতাংশ, দ্বিতীয় স্তৰত উদ্যোগিক মূলধন সহযোগিতাৰ সৈতে বেংক বা বিত্তীয় প্ৰতিষ্ঠনৰ দ্বাৰা ঋণ মঞ্জুৰ কৰা বাবে ৪০ শতাংশ আৰু তৃতীয় স্তৰত ৪টা শ্ৰেণীত বিভক্ত প্ৰকল্পৰ বাবে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ দ্বাৰা উদ্যোগিক মূলধনৰ সহযোগিতা অনুমোদনৰ বাবে ৪০ শতাংশ। চাৰিটা শ্ৰেণীত বিভক্ত প্ৰকল্পসমূহ হৈছে- শ্ৰেণী-১ (১০ লাখৰ পৰা ২০ লাখ টকা) শ্ৰেণী-২ (২৫লাখৰ পৰা ১কোটি টকা), শ্ৰেণী-৩ (১কোটিৰ পৰা ৩কোটি টকা), শ্ৰেণী-৪ (৩কোটিৰ পৰা ৫কোটি টকা) যাৰ বাবে ফীজসমূহ হৈছে ক্ৰমে ২৫০০০ টকা, ৫০০০০টকা, ৭৫০০০ টকা আৰু ১০০০০০টকা।

ঋণৰ অনুমোদন তথা উদ্যোগিক মূলধন মুকলি কৰাৰ আগতে ঋণ দিওতা বেংক/বিত্তীয় প্ৰতিষ্ঠানে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘ বা প্ৰত্যক্ষভাৱে পৰামৰ্শদাতাৰ পৰা পোৱা বিস্তৰ প্ৰকল্প প্ৰতিবেদনখন পুংখানুপুংখভাৱে পৰীক্ষা কৰি চাব। প্ৰমাণ হিচাপে ঋণ অনুমোদন উপদেশৰ এটা কপি ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক উদ্দেশ্যি প্ৰেৰণ কৰা হ’ব।

প্ৰকল্প উন্নয়ন সুবিধাৰ অধীনত কৃষি ব্যৱসায়ৰ প্ৰচাৰ, প্ৰশিক্ষণ আৰু নিৰীক্ষণ আদিৰ বাবে ৰাজ্যিক ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘকো আৰ্থিক অনুদান আগবঢ়োৱা হ’ব।

প্ৰকল্প উন্নয়ন সুবিধাৰ উপযোগ কৰি ৰাজ্যিক ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ সেৱা, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় আৰু অন্যান্য সক্ষম সংস্থা/উদ্যোগ/পৰামৰ্শদাতাক নিয়োগ কৰি উদ্যোগিক মূলধন সহযোগিতাৰ উদ্যোগপতি তথা উত্পাদক সংগঠন আদিৰ প্ৰতি আগবঢ়োৱা সুবিধাসমূহ প্ৰচাৰ কৰিব পৰা যায়।