মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

প্ৰকল্প উন্নয়নৰ সুবিধা

প্ৰকল্প উন্নয়ন সুবিধাত অসম ক্ষুদ্ৰ খেতিয়কৰ কৃষি ব্যৱসায় সংঘৰ ভূমিকা

  • কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ এটি অংগ হিচাপে অসমত কৃষি-ব্যৱসায় প্ৰকল্পসমূহ তত্পৰতাৰে প্ৰচাৰ চলোৱা।
  • অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ পৰামৰ্শত ৰাজ্যত এটা কৃষি-ব্যৱসায় প্ৰকল্প গঠনৰ পৰিকল্পনা কৰা।
  • অসম  ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই এই প্ৰকল্প অনুযায়ী যথেষ্ট পৰিশ্ৰম কৰি পিছপৰা লিংকসমূহ নিৰূপণ কৰাৰ পিছত কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক উদ্যোগিক মূলধন লাভ কৰিবৰ বাবে কৃষি-ব্যৱসায় প্ৰকল্পৰ পৰামৰ্শ দিব।
  • অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে প্ৰকল্প উন্নয়নসুবিধাৰ অধীনত কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰপৰা লাভ কৰা সহযোগিতাত সজাগতা আৰু উদোগিক প্ৰশিক্ষণ আৰু বিকাশ কেম্প, প্ৰচাৰ অভিযান আদিৰ আয়োজন কৰি প্ৰকল্পসমূহৰ বিষয়ে প্ৰচাৰ চলাব। অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে বিভিন্ন প্ৰচাৰমূলক কায্যক্ৰম তথা উত্পাদকৰ গোটৰ সভা, চেমিনাৰ আদিৰো আয়োজন কৰিব।অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে নিয়মাৱলী, ইস্তাহাৰ, পুস্তিকা আৰু বেনাৰ আদিও চপা কৰি উলিয়া পাৰে। কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ দ্বাৰা বহন কৰা ব্যয়ৰ বিনিময়ত অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে বহুল প্ৰচাৰ লাভ কৰিবৰ বাবে বিজ্ঞাপনৰ অন্যান্য উপায়ও অৱলম্বন কৰিব পাৰে।
  • উত্পাদক গোটসমূহক আগতীয়া সম্ভাব্যতা প্ৰতিবেদন প্ৰস্তুত কৰাত সহায় কৰা আৰু স্থানীয় বেংক/বিত্তীয় প্ৰতিষ্ঠান আদিৰ সৈতে আলোচনা কৰাৰ সুবিধা দি তেওঁলোকৰ পৰামৰ্শ লাভ কৰাৰ বাট প্ৰশস্ত কৰা।
  • সম্ভাব্য স্থানসমূহ, উত্পাদক গোট আৰু বিভিন্ন শস্যৰ বজাৰযোগ্য উপৰঞ্চি পৰিমাণৰ তথ্য সংগ্ৰহ কৰি তথ্যসংগ্ৰস্থল হিচাপে কাম কৰা।
  • বিভিন্ন সময়ত গোট খোৱা পূঁজিৰ পৰা পোৱা সুতসমূহ ক্ষুদ্ৰ প্ৰকল্পলৈ উদ্যোগ মূলধন হিচাপে আগবঢ়োৱা আৰু বৃহত্ প্ৰকল্পসমূহ কেন্দ্ৰীয়ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘলৈ হস্তান্তৰ কৰা।
  • ৰাজ্যিক স্তৰৰ বেংকাৰ কমিটি (SLBC) ৰ সদস্য হিচাপে ৰাজ্যৰ কৃষি ব্যৱসায় প্ৰকল্পৰ উন্নয়ন ভিত্তিক বিষয়সমূহ উপস্থাপন কৰা আৰু স্থানীয় বেংক/ৰাজ্য চৰকাৰৰ সহযোগিতা সজাগতা অভিযানৰ আয়োজন কৰা।
  • উদ্যোগ মূলধন সহযোগিতাৰ দ্বাৰা সমৰ্থিত প্ৰকল্পসমূহ ৰূপায়ণৰ সময়ত নিৰীক্ষণ কৰা আৰু উন্নয়নৰ দোষ-ত্ৰুতিসমূহ কেন্দ্ৰীয়ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক উনুকিয়াই দি সমাধানৰ ব্যৱস্থা কৰা।
  • অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে ৰাজ্যিক সংস্থা আৰু ঋণ দিওঁতা বেংকসমূহৰ সৈতে মিলিত হৈ কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক উদ্যোগিক মূলধন সহযোগিতাৰ উদ্ধাৰৰ বাবে সহযোগ কৰা। যিসকল হিতাধিকাৰীয়ে উদ্যোগিক মূলধন লাভ কৰাৰ পিছত সময়মতে আদায় নিদিয়ে, তেনে হিতাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা।