মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উত্তৰ পূব ক্ষেত্ৰৰ বাবে জৈৱ উপকাৰিতাৰ ধাৰা বিকাশৰ অভিযান

উত্তৰ পূব ক্ষেত্ৰৰ বাবে জৈৱ উপকাৰিতাৰ ধাৰা বিকাশৰ অভিযান(MOVCD-NER)হৈছে এটা কেন্দ্ৰীয় খণ্ডৰ আঁচনি যাকবহনক্ষম কৃষিৰ বাবে ৰাষ্ট্ৰীয় অভিযান(NMSA)ৰ অধীনৰ এটি উপ-অভিযান হিচাপে গণ্য কৰা হয় আৰু দ্বাদশ পৰিকল্পনাৰ সময়ছোৱাত কৃষি আৰু কৃষকউন্নয়ন মন্ত্ৰণালয়ৰ দ্বাৰা অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা আদি ৰাজ্যত ৰূপায়ণৰ বাবে আৰম্ভ কৰা হৈছিল। কৃষি উত্পাদকসকলক গ্ৰাহকৰ সৈতে সংযোগ ঘটাই দিবৰ বাবে এই আঁচনিৰ ৰূপায়ণ কৰা হয় লগতেউপকাৰিতাৰ ধাৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো অৰ্থাত বীজৰ মানপত্ৰ প্ৰদান, সংগ্ৰহ সুবিধাৰ সৃষ্টি কৰা, একত্ৰীকৰণ, বিপণন আৰু ব্ৰেণ্ড গঠনৰ আগভাগ আদিত সহায়-সহযোগ কৰা হয়।