মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উত্তৰ পূব ক্ষেত্ৰৰ বাবে জৈৱ উপকাৰিতাৰ ধাৰা বিকাশৰ অভিযান

ৰাজ্যিক স্তৰত অভিযান ৰূপায়ণ গঠন

ৰাজ্যিক স্তৰৰ কাৰ্যনিবাহ কমিটি

সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ দ্বাৰা উন্নয়ন আয়ুক্ত/কৃষি উত্পাদন অধ্যক্ষৰ সভাপতিত্বত সকেলা সংশ্লিষ্ট বিভাগ আৰু ষ্টোক হোল্ডাৰৰ প্ৰতিনিধিৰ উপস্থিতিত এখন ৰাজ্যিক স্তৰৰ কায্যনিবাহী কমিটিৰ গঠন কৰা হ’ব।ৰাজ্যিক স্তৰৰ কাৰ্যনিবাহ কমিটিয়েঅভিযানৰ উদ্দেশ্যসমূহৰ সফল ৰূপায়ন অনুমোদিত পুঁজিৰ সুযোগ আদি চোৱা চিতা কৰাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব।ৰাজ্যিক স্তৰৰ কাৰ্যনিবাহ কমিটিয়েৰাজ্যিক স্তৰৰ সংস্থাৰ গঠন/নিৰ্বাচন কৰা আৰু ৰাজ্যিক স্তৰৰ সংস্থাসমূহৰ জৰিয়তে পুঁজিসমূহৰ অনুমোদনৰ বাবেও দায়বদ্ধ হব।

ৰাজ্যিক নেতৃত্ববহনকাৰী সংস্থা/জৈৱ অভিযান/জৈৱ সামগ্ৰী বোৰ্ড

ৰাজ্যিক নেতৃত্ববহনকাৰী সংস্থা/জৈৱ অভিযান/জৈৱ সামগ্ৰী বোৰ্ড একোটা স্বতন্ত্ৰ সংস্থা যাৰ নিজস্ব একোটা বেংক খাতা থাকে। এই নেতৃত্ববহনকাৰী সংস্থাৰ সঞ্চালনৰ বাবে প্ৰদান কৰাৰ পুঁজিৰ প্ৰদান কৰাৰ পুঁজিৰ পৰা চুক্তিমূলকভাৱে প্ৰয়োজনীয় কৰ্মকতা/প্ৰশিক্ষিত কৰ্মচাৰী আৰু কৰ্মী নিয়োজনৰ বাবে ব্যয় কৰা হব। ৰাজ্যসমূহে যিকোনো এটা ৰাজ্যিক সংস্থাক নেতৃত্ববহনকাৰী সংস্থাৰূপে চিহ্নিত কৰিব পাৰিব কিন্তুঅভিযানৰ ৰূপায়ন এই অভিযানৰ সঞ্চালনৰ বাবে নিয়োগ কৰা নিৰ্দিষ্ট কৰ্মকতাইহে কৰিব পাৰিব।

ৰাজ্যিক নেতৃত্ববহনকাৰী সংস্থা এই মিছনৰ উত্পাদনসমূহ ৰূপায়ণৰ বাবে আৰ এই অভিযানৰ লক্ষ্যসমূহৰ ফলদায়ক উপলব্ধিৰ বাবে নডাল এজেন্সি হিচাপে কায্য কৰিব।ৰাজ্যিক নেতৃত্ববহনকাৰী সংস্থাৰ দায়িত্বসমূহ এনেধৰণৰঃ

  • ডি.এ.চি আৰু এফ.ডব্লিউ.ৰ অনুমোদন ক্ৰমে পুঁজি গ্ৰহণ কৰা।
  • ৰূপায়ণ প্ৰক্ৰিয়াৰ পৰিকল্পনা কৰা আৰু সামগ্ৰী, ক্লাষ্টাৰ, ক্ষেত্ৰফল আদিৰ চিনাক্তকৰণ কৰা।
  • কৃষক উত্পাদক উদ্যোগৰ গঠনৰবাবে সহায়ক সংস্থাৰ নিয়োজন কৰা যাতে তেওঁলোকে প্ৰশিক্ষণ, পথ-প্ৰদৰ্শন, ICS ব্যৱস্থাপনা, নথি-পত্ৰপ্ৰস্তুতকৰণআৰুশস্যৰ উত্পাদনৰ প্ৰমাণীকৰণত সহায় কৰিব পাৰে।
  • বীজ/ৰোপন সামগ্ৰী আদিৰ যোগান ধৰা আৰু নিবেশ ঘটোৱা।
  • ফিল্ড একটিভিটিৰ পৰ্যবেশন আৰু নিৰীক্ষণ কৰি শস্যৰ সময়োচিত সমাপ্তি সুনিশ্চিত কৰা।
  • যথোপযুক্ত আৰু উন্নত মাণদণ্ডৰ আন্তঃগাঁথনিৰ স্থাপনৰ বাবে বাণিজ্যিক উদ্যোগ আৰু উদ্যোক্তাসকলৰ মাজত মিত্ৰজোঁটৰ গঠন কৰা।
  • সুবিধা আৰু সহায়ক পুঁজিৰ প্ৰদানৰ বাবে ঋণ দিওঁতা প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা।
  • বিভিন্ন কায্য যেনে ব্ৰেণ্ডিং, লেভেলিং, পেকেজিং, প্ৰচাৰ আৰু প্ৰক্ৰিয়াকৰণ সামগ্ৰীৰ প্ৰমাণিকৰণৰ বাবে পেশাদাৰী সংস্থাৰ নিয়োজন কৰা।
  • চেমিনাৰ/সন্মিলন, কৰ্মশালা, ক্ৰেতা-বিক্ৰেতাৰ সাক্ষাত্, নিলামী সভা উত্সৱ আদিৰ ব্যৱস্থা কৰা।
  • প্ৰচাৰ, ছপা-সাহিত্য, তথ্যচিত্ৰ আৰু স্থানীয় বিজ্ঞাপন আদিৰ জৰিয়তে গ্ৰাহকৰ সজাগতা বৃদ্ধি আৰু জ্ঞান বিলোৱা।
  • প্ৰত্যক্ষ খুচুৰা বিক্ৰী, কৃষকৰ বজাৰ, অনলাইন খুচুৰা বিক্ৰীৰ শৃংখল, ঘৰুৱা, খুচুৰা ব্যৱসায়ীৰ সৈতে মিত্ৰতা আদিৰ জৰিয়তে অৰগেনিক উত্পাদনৰ বাবে বজাৰৰ ব্যৱস্থা কৰা।
  • তথ্য আৰু জ্ঞান ইকচিষ্টেম জৰিয়তে যাতে তথ্য আৰু জ্ঞান লাভ হয় আৰু মিছন হেড কোৰ্ৱাটাৰৰ দ্বাৰা বাধ্যতামূলক কৰাৰ দৰে সময়োচিত তথ্যৰ উপলব্ধতা নিশ্চিত কৰা।