মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদ্যোগিক মূলধন সহযোগিতা আঁচনি (ভেঞ্চাৰ কেপিটেল এচিষ্টেন্স স্কীম)

উদ্দেশ্যসমূহ

এই আঁচনিৰ মুখ্য উদ্দেশ্যসমূহ এনেধৰণৰঃ

  • ৰিজাৰ্ভ বেংকৰ অধীনত থকা সকলো বেংক/বিত্তীয় প্ৰতিষ্ঠান যত কেন্দ্ৰ/ৰাজ্য চৰকাৰৰ মালিকীস্বত্ব 50 শতাংশৰো অধিক যেনে এচ.বি.আই, আই.ডি.বি.আই, এচ.আই.ডি.বি.আই, নাবাৰ্ড, এন.চি.ডি.চি, নেডফি, এক্সিছ বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু ৰাজ্যিক বিত্তীয় পৰিষদ আদি সহযোগিতাত খেতিয়কসকলক কৃষি ব্যৱসায় উদ্যোগত সহায় কৰা।
  • কৃষি ব্যৱসায় প্ৰকল্প স্থাপনৰ বাবে বেচৰকাৰী বিনিয়োগৰ ব্যৱস্থা কৰা আৰু এইদৰে বৰ্দ্ধমান গ্ৰাম্য আয় আৰু কৰ্ম সংস্থাপনৰ বাবে উত্পাদনকাৰীসকলক এক নিশ্চিত বজাৰৰ ব্যৱস্থা কৰি দিয়া।
  • উত্পাদনকাৰীসকলৰ কৃষি ব্যৱসায় প্ৰকল্পৰ সৈতে থকা পিছপৰা আৰু দুৰ্বল সংযোগ সবল কৰা।
  • কৃষক, উত্পাদনকাৰী গোট আৰু কৃষি ডিগ্ৰীধাৰীসকলক সহযোগ কৰি প্ৰকল্প নিৰ্মাণ সুবিধাৰ দ্বাৰা ব্যৱস্থাপনাত অংশগ্ৰহণ কৰাত সহায় কৰা।
  • কৃষি উদ্যোগিকসকলৰ সৈতে প্ৰশিক্ষণ তথা সাক্ষাতৰ ব্যৱস্থা কৰা।
  • ৰাজ্যিক আৰু কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় উদ্যোগৰ বৰ্তমান অৱস্থাৰ উন্নতি আৰু সবলীকৰণ।