মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

অধিক
ইক্যুইটি অনুদান আৰু ক্ৰেডিট নিশ্চিত পুঁজিৰ
ইক্যুইটি গ্ৰাণ্ট আঁচনি

কৃষক-উত্পাদক উদ্যোগৰ বাবে যোগ্যতা নিৰূপক মাপকাঁঠি

  • ভাৰতীয় কোম্পানী আইন ১৯৫৬ ৰ অধ্যায়I x Aঅধীনত বৰ্ণিত ই এক পঞ্জীভূত কৃষক-উত্পাদক উদ্যোগ।
  • ইয়াৰ আৰ্টিকোলচ অৱ এচোছিয়েছন/বায়পজত থকাৰ দৰে উদ্যোগে ইয়াৰ সদস্যসকলৰ পৰা ইক্যুইটি সংগ্ৰহ কৰে।
  • এনে উদ্যোগৰ ব্যক্তিগত শ্বেয়াৰ হোল্ডাৰৰ সংখ্যা ৫০তকৈ কম নহয়।
  • ইয়াৰ পৰিশোধিতইক্যুইটি ৩০ লাখ টকাত কৈ অধিক নহয়।
  • কৃষি মন্ত্ৰালয়ে, ভাৰত চৰকাৰৰ কৃষি পিয়লত উল্লেখথকাৰ দৰে এই উদ্যোগৰ নিম্নতম ৩৩ শতাংশ শ্বেয়াৰ হোল্ডাৰ ক্ষুদ্ৰ, মধ্য আৰু ভূমিহীন কৃষক হব লাগিব।
  • কৃষক-উত্পাদক উদ্যোগৰ সৰ্বমুঠইক্যুইটিৰ ৫শতাংশত বেছি শ্বেয়াৰ হোল্ডিং কোনো এজন ব্যক্তিৰ অকলশৰীয়াকৈ হব নোৱাৰিব।
  • কোনো প্ৰতিষ্ঠানিক সদস্যৰ সৰ্বোচ্চ শ্বেয়াৰ হোল্ডিং কৃষক-উত্পাদক উদ্যোগৰ মুঠইক্যুইটি ১০ শতাংশতকৈ বেছি হব নোৱাৰিব।
  • এই উদ্যোগৰ নিম্নতম পাঁচজন সদস্য থকা বোৰ্ড অৱ ডিৰেক্টৰচ্ থাকে যত সদস্য কৃষকসকলৰ প্ৰতিনিধি থকাৰ উপৰিও নিম্নতম এগৰাকী মহিলা সদস্য থকাটো বাঞ্ছনীয়।
  • কৃষক-উত্পাদক গোটৰ ব্যৱসায়ৰ দায়িত্ব বহন কৰিবৰ বাবে এই উদ্যোগত এখন ব্যৱস্থাপনা কমিটি থাকিব লাগিব।
  • এই উদ্যোগত ৰূপায়ণ কমিটিৰ দ্বাৰা বিবেচিত সবল, ৰাজহ আৰ্হিৰ ভিত্তিত নিৰ্মিত পৰৱৰ্তী ১৮ মাহৰ বাবে একোটা ব্যৱসায় পৰিকল্পনা আৰু বাজেট থাকিব লাগে।
  • কৃষক-উত্পাদক উদ্যোগৰ ৰিজাৰ্ভ বেংক আইন ১৯৩৪ অনুসৰি অনুসুচিত বাণিজ্যিক বেংক (চিড্যুল কৰ্মাচিয়েল বেংক)ত একাউণ্ট থাকিব।
  • অন্ততঃ এটা সম্পূৰ্ণ বিত্তীয় বষৰ্ৰ বাবে এই উদ্যোগত চাৰ্টাৰ্ড একাউনটেণ্টৰ দ্বাৰা নিৰীক্ষণ কৰা এখন বিবৃতি প্ৰস্তুত কৰা হয়।